জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত মঙলবাৰে ৰহা মীন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিয়লি এখনি আইন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙৰ ভাষণৰে আৰম্ভ হোৱা সভাখনত ৰেগিঙৰ ভয়াবহতাৰ লগতে ৰেগিং সম্পৰ্কত সৰ্বোচ্চ ন্যায়ালয়ৰ বিভিন্ন নীতি-নিৰ্দেশনা তথা শাস্তিৰ সম্পৰ্কত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায় জ্যেষ্ঠ অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰে।
নিজ বক্তব্যত অধিবক্তা বৰঠাকুৰে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগকে প্ৰমুখ্য কৰি বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ নিজস্ব ৰেগিং বিষয়ক নীতি-নিৰ্দেশনা আৰু শাস্তিৰ বিষয়ে বিস্তৃত বাখ্যা আগবঢ়োৱাৰ লগতে এই সভাৰ জৰিয়তে সজাগতাৰ সৃষ্টি কৰি মীন মহাবিদ্যালয়ৰপৰাই ৰেগিংমুক্ত ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আগবাঢ়ি আহিবলৈ সকলোকে আহ্বান জনায়।