নগাঁওঃ ভাৰতীয় ৰাজহুৱা প্ৰচাৰ ব্যৱস্থাৰ অন্যতম প্ৰতিষ্ঠান 'আকাশবাণী নগাঁও কেন্দ্ৰ' ই অহা ২৩ ফেব্ৰুৱাৰীত গৌৰৱ উজ্জল ২৫ টা বছৰ পূৰ্ণ কৰিব। উল্লেখ্য যে, ১৯৯৪ চনৰ এই পবিত্ৰ দিনটোতে স্থানীয় অনাতাঁৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰা দিনৰে পৰা মধ্য অসমৰ জিলা কেইখনৰ জনসাধাৰণৰ মাজত শিক্ষা, জ্ঞান তথা মনোৰঞ্জনৰ আহিলা ৰূপে পৰিগণিত হৈ আহিছে। 

কলং, কপিলি নদীমাতৃক সভ্যতাৰে বিৰজিত অবিভক্ত নগাঁও-মৰিগাঁও জিলাৰ থলুৱা লোক সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্রত আকাশবাণী নগাঁও কেন্দ্ৰই সদ্যহতে প্ৰচেষ্টা চলাই আহিছে। আনকি অপ্ৰমাদী কবি মাধৱ কন্দলি আৰু মহাপুৰুষ শ্ৰীশংকৰদেৱৰ পবিত্র জন্মভূমিৰ কৃষ্টি সংস্কৃতি সদা সৰ্বকাললৈ আকাশবাণী অভিলেখাগাৰত সংৰক্ষণ কৰাৰ প্ৰচেষ্টা কৰা হৈছে। বৰ্তমান তথ্য প্ৰযুক্তিৰ উত্তৰণৰ সময়টো এই কেন্দ্ৰই শিশুৰপৰা বৃদ্ধ-বণিতালৈ, চহাৰপৰা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মনত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

সেয়েহে কেন্দ্ৰটোৰ ২৫ বছৰীয়া পূৰ্তি উপলক্ষে নগাঁও আমোলাপট্টি নাট্য মন্দিৰ প্ৰাংগনত এটি বিশেষ অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সন্ধ্যা ৫ বজাৰপৰা অনুষ্ঠিত হ’বলগীয়া উক্ত কাৰ্যসূচীত বহু পুৰোধা ব্যক্তি উপষ্ঠিত থাকিব৷ সেয়ে এই অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে কেন্দ্ৰৰ মুৰব্বী সুনিল কুমাৰ ত্যাগী আৰু অনুষ্ঠান মুৰব্বী প্ৰবাল কুমাৰ শৰ্মাই।