51
চিনামৰা: “জাতীয় বিদ্যালয়ে অসমৰ মাতৃভাষা শিক্ষালৈ অনা জোৱাৰে জাতিটোক সঞ্জীৱনী সুধা পাণ কৰালে। ১৯৯৪ চনত গুৱাহাটীৰ বুকুত আৰম্ভ হোৱা এই যাত্ৰাত এতিয়া অসমৰ প্ৰতিজন সচেতন ব্যক্তি তথা অভিভাৱক উবুৰি খাই পৰিছে”।
এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা ভাষাবিদ ড° বসন্ত কুমাৰ গোস্বামীৰ। আজি চিনামৰা জাতীয় বিদ্যালয়ত অনুষ্ঠিত আন্তৰ্জাতিক মাতৃভাষা দিৱসত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গোস্বামীয়ে এইদৰে কয়।