17
নগাঁওঃ ভাৰতীয় ৰাজহুৱা প্ৰচাৰ ব্যৱস্থাৰ অন্যতম প্ৰতিষ্ঠান ‘আকাশবাণী নগাঁও কেন্দ্ৰ’ ই অহা ২৩ ফেব্ৰুৱাৰীত গৌৰৱ উজ্জল ২৫ টা বছৰ পূৰ্ণ কৰিব। উল্লেখ্য যে, ১৯৯৪ চনৰ এই পবিত্ৰ দিনটোতে স্থানীয় অনাতাঁৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰা দিনৰে পৰা মধ্য অসমৰ জিলা কেইখনৰ জনসাধাৰণৰ মাজত শিক্ষা, জ্ঞান তথা মনোৰঞ্জনৰ আহিলা ৰূপে পৰিগণিত হৈ আহিছে।