নগাঁওঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিষয়ে সময়ে সময়ে বিতৰ্কিত মন্তব্যৰে অসমীয়া ৰাইজৰ ৰোষত পৰি একাংশ বহুবল্কীয়ে ৰাজহুৱা ক্ষমা ভিক্ষা খোজাৰ লগতে ৰঙাঘৰত সোমাবলগীয়া হোৱাৰ পাছতো যেন শিক্ষা হোৱা নাই একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতাই৷
নিজৰ ৰাজনৈতিক বক্তব্যৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক টানি আনি অতি বিতৰ্কিত তথা টুলুঙা মন্তব্য দি এতিয়া গুৰুজনাৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থান তথা ৰাজ্যবাসীৰ ৰোষত পৰি তিৰস্কাৰৰ সন্মুখীন হৈছে বি জে পিৰ মুখপাত্ৰ মমিনুল আৱাল৷