90
ওদালগুৰিঃ বিগত ১ ডিচেম্বৰত ডেকাৰগাঁও অভিমুখে আহি থকা ১৫৮১৫ নম্বৰৰ ইন্টাৰছিটি এক্সপ্ৰেছত সংঘটিত বিস্ফোৰণৰ সৈতে জড়িত থকা বিনোদ বড়ো (৩০)ক আৰক্ষীয়ে সোমবাৰে আদালতত হাজিৰ কৰিব।
বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত বাগডুবা নাৰামাৰী চুৱা গাঁৱৰ অন্তৰ্গত পিতৃ ললিত বড়োৰ পুত্ৰ বিনোদ বড়োক আৰক্ষীয়ে গোৰেশ্বৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছত ৰঙাপাৰা ৰে’ল আৰক্ষীয়ে আজি ধৃত বিনোদ বড়োক ওদালগুৰি আৰক্ষীৰ হাতত অৰ্পণ কৰে।