91
ডিফুঃ শনিবাৰে নিশা ডিফুত অস্ত্ৰ-শস্ত্ৰসহ সশস্ত্ৰ সংগঠন ইউনাইটেড পিপুলছ্ ৰিভলোছনাৰী ফ্ৰণ্ট, চমুকৈ ইউ পি আৰ এফৰ তথ্য-সংযোগ সচিব আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত তথ্য অনুসৰি ১৫ ডিচেম্বৰৰ নিশা প্ৰায় ১০-৩০ মান বজাত এক বিশেষ সূত্ৰৰ পম খেদি সেনাৰ ১২ নং গাৰোৱাল ৰেজিমেণ্ট আৰু ডিফু আৰক্ষীৰ যৌথ অভিযানত ডিফুৰ বিৰলাৰ চি আৰ পি এফ কেম্পৰ ওচৰৰপৰা উগ্ৰপন্থী সদস্যজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷