খেৰণিঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা সমষ্টিৰ অন্তৰ্গত তুমপ্ৰেঙত দেওবাৰে বি জে পিৰ এখন দলীয় সভা অনুষ্ঠিত হয়। ৰংখাং ব্লক বি জে পি মণ্ডল কমিটীৰ উদ্যোগত আৰু সমিতিখনৰ সভাপতি ৰঞ্জিত টেৰণৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে।
কাৰ্বি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য ক্ৰমে হৰেনছিং বে’, প্ৰদীপ ৰংপি, লুনছিং টেৰণ, মংগলছিং তিমুং, পৰিষদীয় সদস্য প্রভাত টাৰ’, ৰামছিং তিমুং, ৰিচাৰ্ড টকবি, পশ্চিম কাৰ্বি আংলং জিলা বি জে পিৰ সভাপতি অৰুণ টেৰাং, উপ-সভাপতি দিত্যলাল হাষ্ণু, সাধাৰণ সম্পাদক ৰদীপ ৰংহাং, জন মিলিকৰ লগতে বি জে পিৰ অন্যান্য নেতা-কৰ্মী উপস্থিত থাকে।