নগাঁওঃ ইতিমধ্যে সোণালী জয়ন্তী গৰকা নগাঁও জিলাৰ অগ্ৰণী সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান কলংপৰীয়া আলোচনা চক্ৰই বিশিষ্টা লেখিকা আভা বৰালৈ আগবঢ়াইছে কলংপৰীয়া সাহিত্য বঁটা৷ অহা ২৪ ফেব্ৰুৱাৰীত নগাঁও ছহিদ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া কলংপৰীয়া আলোচনা চক্ৰৰ ৫৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত লেখিকা বৰাক উক্ত বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব বুলি আলোচনা চক্ৰৰ প্ৰচাৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে সদৰী কৰিছে৷

উল্লেখ্য যে সমাজ জীৱনলৈ আগবঢ়োৱা অবদানৰ পাছতো যি সকল লোকে চৰকাৰৰ ঘৰৰপৰা প্ৰাপ্য-সন্মান লাভ কৰিবলৈ সক্ষম নোহোৱাকৈ আছে, তেনে একো গৰাকী লেখক-সাহিত্যিকক চক্ৰই যোৱা ন বছৰ ধৰি সাধ্যানুসৰি সন্মান যাচি আহিছে৷

ইতিমধ্যে এই সন্মান বিগত ২০০৬ খ্ৰীষ্টাব্দত মৰণোত্তৰভাৱে ড° সৰ্বেশ্বৰ ৰাজগুৰুক প্ৰদানেৰে আৰম্ভ হোৱা কলংপৰীয়া সাহিত্য বঁটা পৰৱৰ্তী কালছোৱাত ক্ৰমে কুমুদ বৰা, বেনুধৰ কলিতা, তিলক চন্দ্ৰ মজুমদাৰ, চাও লোকেশ্বৰ গগৈ, ইদ্ৰিছ আলী, মিলেশ্বৰ পাতৰ, লক্ষেশ্বৰ শৰ্মা, কৈলাস দাসলৈ আগবঢ়োৱা হৈছিল৷

দুবছৰৰ ব্যৱধানত প্ৰদান কৰা উক্ত বঁটা ২০১৭-১৮ বৰ্ষৰ বাবে “সাহিত্য চিন্তা আৰু অন্যান্য", "বুৰুলি খেৰৰ উৰুলি", "আইনৰ বতৰা", বালিমাহী চৰাইৰ গান’’ শীৰ্ষক গ্ৰন্থৰ উপৰি “লাক পা কুৰ কুৰ“, "ভুচুং পহু", "বৰঘৰৰ মেকুৰী", "পঢ়াশালীত হাতীপোৱালি", আকাশী পথেৰে লিকচন", "ভুবুলা ছাগলীৰ দাড়ি" আৰু "বল খেলা শহা" নামেৰে সাতখনকৈ শিশু সাহিত্য প্ৰণয়ন কৰা লেখিকা তথা অধিবক্তা আভা বৰালৈ আগবঢ়োৱাৰ খবৰে নগাঁৱৰ বৌদ্ধিক সমাজত আনন্দৰ সৃষ্টি হৈছে৷

আলোচনা চক্ৰৰ ৫৬ তম বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি চক্ৰৰ সভাপতি নৱকান্ত লিগিৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটিত চক্ৰৰ বাৰ্ষিক মুখপত্ৰ "কলংজ্যোতি"ৰ উন্মোচক ৰূপে উপস্থিত থাকিব নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰা৷ দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া বঁটা প্ৰদান আৰু মুখপত্ৰ উন্মোচনী অনুষ্ঠানটিত ৰামধেনুযুগৰ প্ৰখ্যাত কথা সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱা, অধ্যাপক ড° সঞ্জীৱ কুমাৰ বৰকাকতী, জ্যেষ্ঠ সাংবাদিক ড° আবু হানিফা, অৱসৰপ্ৰাপ্ত উপায়ুক্ত চন্দ্ৰমোহন কাকতী, বিশিষ্ট সাহিত্যিক কুমুদ বৰা আৰু কলংপৰীয়া আলোচনা চক্ৰৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া অকণমাই দেৱী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত অংশ গ্ৰহণ কৰিব৷

উল্লেখ্য যে এইবাৰ কলংপৰীয়া সাহিত্য বঁটা সমাজহিতৈষী নাজমা চুলতানে পিতৃ সাজ্জাদ হুছেইনৰ স্মৃতিত আগবঢ়াইছে বুলি চক্ৰৰ সহ সম্পাদক বিচিত্ৰ নাৰায়ণ বৰাই জানিবলৈ দিছে৷ আনহাতে চক্ৰৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক ঘনশ্যাম জইছিয়ে সাহিত্যানুৰাগী সকলো লোককে অনুষ্ঠানত উপস্থিত থাকি সহযোগিতা আগবঢ়াবৰ বাবে সানুনয়ে অনুৰোধ জনাইছে৷