বটদ্ৰৱাঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতে সাংসদ তথা কলিয়াবৰ সংসদীয় সমষ্টি প্ৰাৰ্থী গৌৰৱ গগৈয়ে সাক্ষাৎ কৰিলে সংখ্যালঘূ সম্প্ৰদায়ৰ শীৰ্ষ ধৰ্মীয় গুৰু তথা উত্তৰ-পূৱ ভাৰতৰ আমীৰ-এ-শ্বৰীয়ত খাইৰুল ইছলাম মুফতিক৷ এ আই ইউ ডি এফ দলৰ নেতা তথা ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বয়ষীয়াল পিতৃ খাইৰুল ইছলাম মুফতিক সাক্ষাৎ কৰি সাংসদগৰাকীয়ে তেওঁৰ সৈতে কিছু অন্তৰংগ মূহুৰ্ত অতিবাহিত কৰা বুলি জানিব পৰা গৈছে৷
ধিং সমষ্টিৰ আলিটাঙনী মৌজাৰ অন্তৰ্গত পৰমাইভেটিস্থিত ধৰ্মীয় গুৰুগৰাকীৰ নিজা বাসগৃহত উপস্থিত হৈ গৌৰৱ গগৈয়ে প্ৰথমে খাইৰুল ইছলাম মুফতিক আছুটিয়াভাৱে সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেখেতৰপৰা আশীৰ্বাদ বিছাৰে। ধৰ্মীয় গুৰুগৰাকীয়ে ধৰ্মীয় আচাৰ মতে যুৱ সাংসদ গৰাকীৰ বাবে নেদেখাজনৰপৰা আৰ্শীবাদ বিছাৰি ভৱিষ্যতত সফলতা কামনা কৰে৷ ইয়াৰ পিছত গৌৰৱ গগৈয়ে পৰিয়ালবৰ্গৰ সৈতে কথা-বতৰা হয় আৰু কলিকতাত চিকিৎসাধীন খাইৰুল ইছলাম মুফতিৰ কনিষ্ট পুত্ৰৰ স্বাস্থ্যৰ বিষয়ে বুজ লয়৷