জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া ডিমৌ অঞ্চলৰ সৰবৰহী লোক হিচাপে জনসমাদৃত অতুল ডেকা(৬৬)ৰ মঙলবাৰে পুৱা প্ৰায় ১০ বজাত বাধৰ্ক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে৷ জানিব পৰা মতে, বিগত কিছুদিন ধৰি মধুমেহ আৰু উচ্চৰক্ত চাপজনীত ৰোগত শৰ্যাশায়ী হৈ থকা ডেকাই শেহতীয়াকৈ গ্ৰীষ্মৰ অতিমাত্ৰা দহনৰ বাবেই মৃত্যুক আকোঁৱালি ল’বলগীয়া হোৱা বুলি গুণমুগ্ধৰপৰা জানিব পৰা গৈছে৷ 

বিশেষকৈ বেবেজীয়াৰ দৰে বৃহৎ অঞ্চলটোৰ জনসমাজৰ মাজত নিজস্ব এক ভাৱমূৰ্ত্তিৰে জীৱন নাটৰ অৱসান ঘটোৱা ডেকা এগৰাকী নিষ্ঠাবান সামাজিক আৰু ৰাজনৈতিক ব্যক্তি হিচাপেও সুপৰিচিত আছিল৷ আমৃত্যু পৰ্যন্ত নগাঁও জিলাৰ অসম গণ পৰিষদ দলৰ বেবেজীয়া-ডিমৌ-বাংঠাই আঞ্চলিক কৃষক পৰিষদৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ উপৰিও কাছমাৰী সমবায় সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক ৰূপেও সমাজ জীৱনলৈ সেৱা আগবঢ়াই যোৱা ডেকা কোঁচ ৰাজবংশী নগাঁও জিলা সমিতিৰ বিষয়-ববীয়াও আছিল৷ 

উল্লেখযোগ্য যে, বেবেজীয়াৰ দৰে ঐতিহ্যমণ্ডিত ঠাইখণ্ডত স্থাপিত সংবাদ-সাহিত্যৰ এক মিলন তীৰ্থ স্বৰূপ প্ৰেছ ক্লাব, বেবেজীয়াৰ এগৰাকী পৰম শুভাকাংক্ষী তথা উপদেষ্টা ডেকাৰ বিয়োগৰ দুখজনক সংবাদ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁই বিৰাজ কৰিছে৷ অসম গণ পৰিষদ দলৰ নগাঁও জিলা শাখাৰ লগতে বেবেজীয়া শাখা, কোঁচ ৰাজবংশীৰ বেবেজীয়া কমিটি, কাছমাৰী সমবায় সমিতি, প্ৰেছ ক্লাৱ, বেবেজীয়া, জামুগুৰি সোঁৱৰণি সাহিত্য সংঘ, জাজৰি প্ৰেছ ক্লাব, বেবেজীয়া প্ৰগতি সংঘ, ক্ৰিয়েচন ক্লাব, বেবেজীয়া ৰামধেনু সাংস্কৃতিক সমাজ, বেবেজীয়া আৰ্য জাতীয় বিদ্যালয়কে প্ৰমুখ্যে বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে ডেকাৰ পৰলোক গমনত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ 

মৃত্যুৰ সময়ত ডেকাই অসম গণ পৰিষদ দলৰ মহিলা জিলা পৰিষদৰ উপ-সভানেত্ৰী তথা পত্নী বীণু ডেকা সৈতে দুই পুত্ৰ আৰু এগৰাকী বোৱাৰীৰ লগতে দুগৰাকী নাতিনী ইহ সংসাৰত এৰি থৈ গৈছে৷