হেমন্ত কলিতা, নলবাৰীঃ নাট্য কলাৰ এই সুদুৰ প্ৰসাৰী ভূমিকাক নৱ প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে নলবাৰী জিলাৰ বাঁহজানীৰ বগলচৰোড চ'কত স্থাপন কৰা শ্ৰীমন্ত শংকৰদেৱ ল'ৱাৰ আসাম থিয়েটাৰ একাডেমীৰ উদ্যোগত আজিৰপৰা ১৬ জুলাইলৈ ১৫ দিনীয়াকৈ আয়োজন কৰা নাট্য আৰু নৃত্যৰ কৰ্মশালাখন মঙলবাৰে আনুষ্ঠানিকভাবে উদ্বোধন কৰা হয়। 

শ্ৰীমন্ত শংকৰদেৱ ল'ৱাৰ আসাম থিয়েটাৰ একাডেমীৰ প্ৰেক্ষাগৃহত ৰাতিপুৱা দহ বজাৰপৰা পূব বাঁহজানী গোপালথান বালিকা বিদ্যামন্দিৰ (হাইস্কুল)ৰ সহঃ প্ৰধান শিক্ষক দিলীপ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা নাট্য আৰু নৃত্যৰ কৰ্মশালাখন উদ্বোধন কৰি বিশিষ্ট অভিনেতা, পৰিচালক ভগৱৎ প্ৰীতমে ভাষণত নাটক আৰু অভিনয় জগতত বৰ্তমান দেখাদিয়া বিভিন্ন প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি নৱ প্ৰজন্ম সকলক নিজৰ নিজৰ অধ্যয়নৰ লগতে নাটক, অভিনয়, নৃত্যৰো শিক্ষা গ্ৰহন কৰিবলৈ আহ্বান জনায়৷ 

উদীয়মান নাট্যকাৰ, অভিনেতা অনুপম শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত বিশিষ্ট অভিনেত্ৰী গায়ত্ৰী বৰাই অংশ গ্ৰহন কৰি ভাষণত নাটক, অভিনয়, নৃত্য অতি কঠিন কাম। ইয়াৰ বাবে বহুত কস্ত আৰু সাধনা কৰিব লাগিব বুলি কৈ নাটক, অভিনয়, নৃত্যৰ জৰিয়তে এজন মানুহ সৎ আৰু ভাল হব পাৰে বুলি কয়।

অনুষ্ঠানটোত শ্ৰীমন্ত শংকৰদেৱ ল'ৱাৰ আসাম থিয়েটাৰ একাডেমীৰ অধ্যক্ষ তথা অভিনেতা, সু-চিকিৎসক ডাঃ আলেখ্য বৰুৱা, অভিনেতা, পৰিচালক বুবুল কলিতা আৰু নেৰিটচৰ পৰিচালন সঞ্চালক পিংকু চৌধুৰীয়ে উপস্থিত থাকি নিজ নিজ ভাষণত নাটক, অভিনয় আৰু নৃত্যৰ ওপৰত আলোচনা আগবঢ়াই। 

ইফালে কালিৰপৰা আৰম্ভ হোৱা ১৫ দিনীয়া নাট্য আৰু নৃত্যৰ কৰ্মশালাত অসমৰ বোল ছবি আৰু ভ্ৰাম্যমান জগতৰ বিশিষ্ট অভিনেতা-নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মন, যতীন বৰা, মৃদুল ভূঞা, ভগবৎ প্ৰীতম, আকাশ দ্বীপ, নিৰ্মল দত্ত, দ্বিবন আৰ্য, বেনুধৰ পাটোৱাৰী, প্ৰাঞ্জনা দত্ত, গায়ত্ৰী বৰা, অঞ্জন বেজ, বুবুল কলিতা আদিয়ে ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষন দিয়াৰ লগতে কৰ্মশালাৰ শেষত ২৭ জুলাইৰ দিনা নৃত্য আৰু নাটকৰ বিশেষ মনোগ্ৰাহী অনুষ্ঠান পৰিবেশন কৰা হ’ব বুলি শ্ৰীমন্ত শংকৰদেৱ ল'ৱাৰ আসাম থিয়েটাৰ একাডেমীৰ সভাপতি প্ৰশান্ত শৰ্মা আৰু সম্পাদক কন্দৰ্প শৰ্মাই জানিবলৈ দিছে।