জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও চহৰত সঘনাই সংঘটিত হৈ থকা চিলনী চোৰৰ ঘটনাৰ লগত জড়িত দুজন অভিযুক্তক নগাঁও নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

লগতে আৰক্ষীয়ে চিলনী চোৰৰ সময়ত দুষ্কৃতিকাৰীয়ে ব্যৱহাৰ কৰা এএছ০২এফ৭৬১৭ নম্বৰৰ এখন মটৰ চাইকেলো জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, কেইদিমানৰ পূৰ্বে নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ ইউকো বেংকৰ ওচৰৰপৰা মৰিকলঙৰ লাৰু গোপাল শৰ্মা নামৰ লোকজনৰপৰা ৫ লাখ টকা কাঢ়ি নিছিল। এই ৫ লাখ টকা কাঢ়ি নিয়াৰ সময়ত ব্যৱহাৰ কৰা উল্লিখিত নম্বৰৰ বাইকখন জব্দ কৰাৰ লগতে আৰক্ষীয়ে দেওবাৰে অভিযান চলাই দুজন চিলনী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰে এজন নগাঁও চহৰৰ সমীপৰ হুজ টানপাৰাৰ বিপুল আনচাৰী আৰু আনজন ৰূপহীৰ জিয়াবুৰ ৰহমান বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে চিলনী চোৰৰ ঘটনাৰ লগত জড়িত ৩ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত চিলনীচোৰ কেইটাই নগাঁও চহৰত সংঘটিত হোৱা কেইবাটাও ধন কাঢ়ি নিয়া, মহিলাৰ চেইন কাঢ়ি নিয়া ঘটনাৰ লগত জড়িত থকাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে।