newsnextone.com | নগাঁওঃ কাৰ্বি আংলং জিলাৰ ডকমকাৰ পানজুৰি কছাৰী গাঁৱত সংঘটিত হোৱা লোমহৰ্ষক কাণ্ডৰ প্ৰতিক্ৰিয়া বৰ্তমানেও অব্যাহত আছে৷ ডকমকা কাণ্ডই প্ৰায় এপষেকত ভৰি দিলে যদিও ইয়াৰ ফলত সৃষ্টি হোৱা ভয় আৰু শংকাৰ চাপ অদ্যপি বিয়পি আছে কাৰ্বি ভূমিত বাস কৰা সৰ্বসাধাৰণৰ মাজত৷
যাৰ ফলত নগাঁও জিলাত থকা উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহলৈ আগৰ বছৰবোৰৰ তুলনা কাৰ্বি ছাত্ৰ-ছাত্ৰীৰ আগমন এইবাৰ যথেষ্ট হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে৷ কিন্তু পূৰ্বৰ বছৰবোৰত চুবুৰীয়া জিলা হিচাপে কাৰ্বি আংলং জিলাৰ বহুসংখ্যক শিক্ষাৰ্থীয়ে এই সময়ছোৱাত উচ্চ শিক্ষাৰ বাবে জিলাখনৰ উচ্চ শিক্ষানুষ্ঠানসমূহত যথেষ্ট ভিৰ কৰে৷