জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী টুকটুকী নিবাসী তথা কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক হাজী আব্দুল কৰিমৰ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে নিশা ৮ বজাত নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত দেহাৱসান ঘটে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৫ বছৰ। আজি তেওঁৰ মৃতদেহ নিজ ঘৰলৈ অনাৰ পাছত অগনণ গুণমুগ্ধই তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ বাসগৃহত উপস্থিত হয়। দুপৰীয়া তেওঁৰ মৃতদেহ কৰ্মস্থলী কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়লৈ নিয়া হয় আৰু এক শোক সভা অনুষ্ঠিত কৰা হয়।