জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ডিমৌৰ খেলপথাৰত ডিমৌ আঞ্চলিক যুৱক সংঘৰ উদ্যোগত আয়োজিত আমন্ত্ৰণমূলক প্ৰাইজমানী টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাত খুটিকটীয়া য়ুথ ক্লাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে৷

শনিবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলত খুটিকটীয়াই গান্ধিবড়ি যুৱক সংঘক ছয় উইকেটত পৰাজিত কৰে৷ টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা গান্ধিবড়িয়ে নিৰ্ধাৰিত ১২ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই ৬৪ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে খুটিকটীয়াই প্ৰয়োজনীয় ৬৫ ৰাণ মাত্ৰ ৬.২ অভাৰত চাৰিটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰি বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷

ইফালে, খেলৰ শেষত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাস, তিৱা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈ, প্ৰাক্তন ৰাজ্যিক খেলুৱৈ বিমল চন্দ্ৰ ডেকা, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি পংকজ জ্যোতি বৰা, প্ৰাক্তন আছু নেতা পংকজ দাস, সাংবাদিক জয়ন্ত মুদৈ, গকুল ভাৰতী, তুষাৰ শৰ্মা, সমাজকৰ্মী ভদ্ৰেশ্বৰ শৰ্মাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে৷

ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে খুটিকটীয়া দলৰ মণিহাৰ চাহানী বিবেচিত হোৱাৰ বিপৰীতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ দ্বীপজ্যোতি কলিতা, শ্ৰেষ্ঠ বলাৰ নিলোৎপল হাজৰিকা আৰু শ্ৰেষ্ঠ ফিল্ডাৰ নয়ন বৰকাকতি নিৰ্বাচিত হয়৷