নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তর্গত এখন আজব বিদ্যালয়। এই বিদ্যালয়খনত নাই ছাত্ৰ-ছাত্ৰী, নাই শিক্ষক-শিক্ষয়িত্ৰী৷ এক কথাত শিক্ষা বিভাগৰ কৃপাত গুৰু-শিষ্য অবিহনে চলি আছে এইখন বিদ্যালয়৷
বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তর্গত এই আজব বিদ্যালয়খন হৈছে ৰামপুৰ সত্ৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়। ১৯৮৯ চনতে স্থাপিত এই বিদ্যালয়খনত কাগজে-কলমে শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলো আছে যদিও বিদ্যালয়ত উপস্থিত নাথাকে শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী। যাৰ ফলত হাঁহ-কুকুৰাৰ মুক্ত বিচৰণ ভূমি আৰু গৰুৰ গোহালিলৈ পৰিণত হৈছে এই বিদ্যালয়খন।