জয়ন্ত মুদৈ, নগাঁও

নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তর্গত এখন আজব বিদ্যালয়। এই বিদ্যালয়খনত নাই ছাত্ৰ-ছাত্ৰী, নাই শিক্ষক-শিক্ষয়িত্ৰী৷ এক কথাত শিক্ষা বিভাগৰ কৃপাত গুৰু-শিষ্য অবিহনে চলি আছে এইখন বিদ্যালয়৷ 

বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তর্গত এই আজব বিদ্যালয়খন হৈছে ৰামপুৰ সত্ৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়। ১৯৮৯ চনতে স্থাপিত এই বিদ্যালয়খনত কাগজে-কলমে শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলো আছে যদিও বিদ্যালয়ত উপস্থিত নাথাকে শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী। যাৰ ফলত হাঁহ-কুকুৰাৰ মুক্ত বিচৰণ ভূমি আৰু গৰুৰ গোহালিলৈ পৰিণত হৈছে এই বিদ্যালয়খন। 

ৰাজ্য চৰকাৰে কণ কণ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ লক্ষ্যৰে বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এই বিদ্যালয়খনৰ এনে দুৰৱস্থাই শিক্ষা বিভাগৰ পয়ালগা অৱস্থাটোকে স্পষ্টকৈ প্ৰতিফলিত কৰিছে৷ একমাত্ৰ বিয়াগোম শিক্ষা বিভাগৰ দায়িত্বহীনতা আৰু অৱহেলাৰ পৰিণতিত আন্তঃগাঁথনিকে ধৰি প্ৰয়োজনীয় শিক্ষকৰ অভাৱত শৈক্ষিক পৰিবেশ বিনষ্ট হৈ চৰম অৰাজকতা বিৰাজ কৰিছে ৰামপুৰ সত্ৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়খনত৷ 

উল্লেখ্য যে, বাঁহৰ খুটা, ভঙা তৰ্জাৰ বেৰা আৰু দৰ্জা-খিৰিকি নথকা টিনৰ চালিৰ গৰু গোহালিসদৃশ এটা কোঠাতে ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিবলগীয়া হোৱাত বিদ্যালয়লৈ নাহে ছাত্ৰ-ছাত্ৰীসকল৷ আনকি জৰাজীৰ্ণ ভগ্নপ্ৰায় কোঠাৰ ভিতৰত নাই কোনো ডেক্স-বেঞ্চ বা চকী-মেজ৷ সেয়ে গোহাঁলি সদৃশ সৰু ঠেক ভগ্ন গৃহটো ছাত্ৰ ছাত্ৰীৰ পৰিবৰ্তে এতিয়া হাঁহ-কুকুৰা আৰু গৰুৰ মুক্ত বিচৰণস্থলী হৈ পৰিছে৷ গতিকে শিক্ষা বিভাগৰ প্ৰতি এই বিদ্যালয়খনৰ ক্ষেত্ৰত শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহনৰ দাবী জনাইছে সচেতন মহলে৷