জয়ন্ত মুদৈ,নগাঁও

নগাঁওঃ নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ অধীনৰ চামগুৰি আৰক্ষী থানাৰএলেকাধীন আমনিৰপৰা দেওবাৰে আৰক্ষীয়ে অভিযান চলাই এটা দুৰ্ধৰ্ষ গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত যোৱা আৰক্ষী দলে আমনিত মাচৰুফ আলী ওৰফে মামা নামৰ দুধৰ্ষ চোৰাং গঁড় চিকাৰীটোক কৰায়ত্ত কৰে। 

বিগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ধৃত গঁড় চিকাৰীটোৱে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰপৰা গঁড় চিকাৰৰ বাবে ব্যৱহৃত মাৰণাস্ত্ৰ যোগান ধৰি আহিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে। জখলাবন্ধা আৰক্ষী থানাত জেৰা অব্যাহত ৰখা গঁড় চিকাৰীটোৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত হালোৱাটিঙত বুলি জানিব পৰা গৈছে।