107
নগাঁওঃ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে নগাঁৱৰ ‘স্নিগ্ধ মলয়া’ নামৰ সামাজিক সংগঠনটোৰ উদ্যোগত নগাঁও চহৰৰ কেইবাটাও স্থানত বাটৰ নাট পৰিৱেশন কৰা হয়। কণ-কণ শিশুসকলৰ দ্বাৰা পৰিৱেশিত এই বাটৰ নাটৰ জৰিয়তে প্ৰকৃতি ৰক্ষাৰ বাবে জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস চলোৱা হয়।
এই কাৰ্যসূচীৰ প্ৰাক মূহুৰ্তত নগাঁৱৰ নৱনিৰ্মিত লাওখোৱা ৰোডৰ দুয়োকাষে বৃক্ষৰোপনো কৰে ‘স্নিগ্ধ মলয়া’ৰ কৰ্মীসকলে।