নগাঁওঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলাৰ বিভিন্ন শাখাসমূহত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।

নগাঁও নগৰ শাখাৰ উদ্যোগত নগাঁও আৰক্ষী চিকিৎসালয় চৌহদত ঔষধি গছপুলি ৰোপণ কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি গছপুলি ৰোপণ কৰে নগাঁও আৰক্ষী চিকিৎসালয়ৰ মুখ্য চিকিৎসক ডাঃ দ্বীপেন শৰ্মাই। 

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি ডঃ শৰ্মাই কয় যে ''গছ থাকিলেহে মানুহ থাকিব। গছপুলি ৰোৱা কাৰ্যতেই সীমাবদ্ধ নাথাকি প্ৰত্যেক গছপুলিৰ লালন-পালন কৰাৰ দায়িত্ব আমাৰ সকলোৰে।’’ 

উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় কলা মঞ্চৰ ৰাজ্যিক প্ৰমুখ ভাস্কৰ কলিতা, নগাঁও জিলা সহ-সংযোজক ৰাজু ৰায় প্ৰমুখ্যে কেইবাগৰাকী ছাত্ৰনেতাই অংশগ্ৰহণ কৰে। নগাঁও নগৰ সমিতিৰ লগতে নগাঁও জিলাৰ কামপুৰ, বটদ্ৰৱা আৰু ননৈ শাখা সমিতিসমূহৰ উদ্যোগতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়৷