জাজৰিঃ অশান্তজৰ্জৰ সমগ্ৰ বিশ্ব পুনৰ শান্ত প্ৰতিষ্ঠা হওক। প্ৰকৃতিয়ে এক সুস্থিৰ অৱস্থা পাওক। সমাজক কলুষিত কৰা অসামাজিক দানৱবোৰ নোহোৱা হৈ সমাজলৈ এক শান্ত-সৌম্য বাতাবৰণ পুনৰ ঘূৰি অহাৰ অজস্ৰ আশা আৰু সপোনেৰে জাজৰিৰ সমূহ ৰাইজ বুধবাৰে পুৱাই গৈ উপস্থিত হয় জাজৰি আঞ্চলিক ঈদগাহত।

পুৱা ঠিক ৮ বজাৰপৰা আৰম্ভ হোৱা নামাজত সহস্ৰাধিক অঞ্চলবাসী ৰাইজৰ আশাপ্ৰদ সহযোগিতা আছিল। শিশুৰপৰা বৃদ্ধলৈ সকলোৱে এই নামাজত আন্তৰিকতাৰে ভাগ লোৱা পৰিলক্ষিত হয়। কিছুদিনৰপৰা প্ৰতিদিনেই ধাৰাসাৰ বৰষুণ হৈ থকাৰ বাবে ৰাইজে বতৰক লৈ কিছু সংকিত আছিল যদিও আজি পুৱাৰ ৰৌদ্ৰোজ্জল পোহৰে সকলোৰে মন ফৰকাল কৰি তোলে আৰু সকলোৱে দলে বলে আহি ভাতৃত্ববোধৰ ভাবেৰে নামাজত অংশগ্ৰহণ কৰে।

লগতে সমূহ জাজৰিবাসীৰ হৈ জাজৰি আঞ্চলিক ঈদগাহ সমিতিয়েসমূহ অসমবাসীলৈ পৱিত্ৰ ঈদৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰে।