জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দক্ষিণপাটৰ লিটিল ষ্টাৰ ক্লাবৰ উদ্যোগত স্থানীয় নেহৰু প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ থকা ১৫ দিনীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ দেওবাৰে সামৰণি পৰে। এই উপলক্ষে শিক্ষাবিদ টংকেশ্বৰ দাস আৰু সমাজকৰ্মী ঘন দাসৰ সঞ্চালনাত অনুষ্ঠিত সামৰণি অনুষ্ঠানত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে গীত, নৃত্য, নাটক, কবিতা আবৃত্তি আদিকে ধৰি বিভিন্ন কাৰ্য্যসূচী পৰিবেশন কৰে।
কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ সমবেত সংগীতৰে শুভাৰম্ভ হোৱা সামৰণি অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শিক্ষাবিদ লৱকান্ত শৰ্মাই প্ৰসংগক্ৰমে ঘৰেই উত্তম পাঠশালা আৰু মাতৃয়ে এগৰাকী উৎকৃষ্ট শিক্ষক বুলি অভিহিত কৰি এনে ধৰণৰ প্ৰচেষ্টাই শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় বুলি মন্তব্য কৰে।