ধ্রুৱজ্যোতি বড়া, শিৱসাগৰঃ যোৱা শনিবাৰে গীত, নৃত্য, বাদ্য, ভাওঁনা প্রদৰ্শনেৰে উদুলি মুদুলি হয় ঐতিহ্যনগৰী শিৱসাগৰৰ নাট্য মন্দিৰ উল্লেখ্য যে এদিনীয়া বিৰ্স্তীত কাৰ্য্যসূচীৰে সন্ধিয়া ৬ বজাৰপৰা আৰম্ভ হোৱা অনুষ্ঠানত শতাধিক লোকৰ সমাৱেশ ঘটে৷
শিৱসাগৰ নটৰাজ কলাক্ষেত্ৰ উদ্যোগত আৰু অভিভাৱক তথা শুভাকাংক্ষীৰ ৰাইজৰ সহযোগত পঞ্চদশ বৰ্ষপুতি অনুষ্ঠান ”নৃত্যমঞ্জৰী” ২০১৯ বৰ্ষৰ আয়োজন কৰা হয়৷ সন্ধিয়া ৬ বজাৰপৰা, বিগত বৰ্ষৰ ২০০৪ চনৰ ২০ জুনত শিৱসাগৰত প্রতিষ্ঠা লাভ কৰা সত্ৰীয়া নৃত্যৰ এই প্ৰশিক্ষণ কেন্দ্ৰই হৈছে “নটৰাজ কলাক্ষেত্ৰ”। নটৰাজ কলাক্ষেত্ৰৰ অধ্যক্ষ দূর্গেশ্বৰ বৰুৱা আৰু তেখেতৰ সহধৰ্মীনি মৌচুমী হাতীমূৰীয়া বৰুৱা আৰু কেইজনমান শুভাকাংক্ষী আৰু দুগৰাকী প্ৰশিক্ষাৰ্থীৰে আৰম্ভ কৰা এই অনুষ্ঠানটিয়ে বিগত ১৫ টা বছৰ সুখ্যাতিৰে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।