65
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি পথাৰত বুধবাৰে সংঘটিত এক মাৰপিটৰ ঘটনাত তিনিজন লোক আহত হয়।
অভিযোগ অনুসৰি, কদমনি পথাৰৰ জামাল উদ্দিন নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে একে গাঁৱৰে জইন উদ্দিন নামৰ লোকজনৰপৰা ধান কিনিবলৈ গৈছিল। তাতেই একে গাঁৱৰে হাবিজ উদ্দিন, জলিল উদ্দিন, আব্দুল চাত্তাৰ, আব্দুল মতিন, মাজাহাৰুল, বধো, আইনুলৰ লগত কথাৰ কটা কটি হয়।