নগাঁওঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বুধবাৰে ঘোষণা কৰা ফলাফলত নগাঁও জিলাৰ সাতগৰাকীকৈ শিক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰত প্ৰথম দহটা স্থানত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
নগাঁও চহৰৰ কাৱৈমাৰীস্থিত নগাঁও খ্ৰীষ্টজ্যোতি স্কুলৰপৰা বিগত বৰ্ষৰ দৰে এইবাৰো শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে৷ যোৱা দুটা বৰ্ষত একোগৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰা এই শিক্ষানুষ্ঠানখনৰপৰা এইবাৰ দুগৰাকীয়ে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ এই মেধাৱী শিক্ষাৰ্থী দুগৰাকীৰ ভিতৰত আফ্ৰিন আহমেদে তৃতীয় আৰু ইৰফান হকে নৱম স্থান দখল কৰিছে৷