জয়ন্ত মুদৈ, নগাঁওঃ বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নগাঁৱে সন্তুোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷

ৰাজ্যৰ ভিতৰত প্ৰথম দহটা স্থানৰ জিলাখনৰ অভিলেখ সংখ্যক সাতগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে বিগত দুটা বৰ্ষৰ তুলনাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰো যথেষ্ট উন্নত৷ এইবাৰ জিলাখনৰপৰা পৰীক্ষাত অৱৰ্তীণ হোৱা সৰ্বমুঠ ২৩,৫৯৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে মুঠ ১৩,২৯৪ গৰাকী পৰীক্ষাৰ্থী৷ উত্তীৰ্ণৰ হাৰ ৫৬.৩৪ শতাংশ৷

ইয়াৰে প্ৰথম বিভাগত ৩,৬৮০ গৰাকী, দ্বিতীয় বিভাগত ৪,৫৩৯ গৰাকী আৰু তৃতীয় বিভাগত ৫,০৭৫ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে৷ কিন্তু বিগত দুটা বৰ্ষত উত্তীৰ্ণৰ হাৰ এইবাৰৰ তুলনাত বহু কম আছিল৷

২০১৭ বৰ্ষৰ ফলাফলত পৰীক্ষাত অৱৰ্তীণ হোৱা সৰ্বমুঠ ২৫,৪৭১ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত মুঠ ১২,৬৩৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল৷ ইয়াৰ ভিতৰত ৩,৮৭৫ গৰাকীয়ে প্ৰথম, ৫,৫৫৬ গৰাকীয়ে দ্বিতীয় আৰু ৩,২০৪ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল৷ উত্তীৰ্ণৰ হাৰ আছিল ৪৯.৬১ শতাংশ৷ 

আনহাতে, বিগত বৰ্ষত অৰ্থাৎ ২০১৮ বৰ্ষত উত্তীৰ্ণৰ হাৰ আগৰ বছৰতকৈ কমি গৈ হৈছিল ৪৮.৬০ শতাংশ৷ যোৱা বছৰ জিলাখনৰপৰা পৰীক্ষাত অৱৰ্তীণ হোৱা মুঠ ২৩,৮৯০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১১,৬১০ গৰাকীয়ে কৃতকাৰ্যতা লাভ কৰে৷ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৪,২৬১ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৪,৭৯০ গৰাকীয়ে দ্বিতীয় আৰু ২,৫৫৯ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল৷

কিন্তু যোৱা দুটা বছৰ দুটাৰ তুলনাত উত্তীৰ্ণৰ হাৰ এইবাৰ ঈষণীয়ভাৱে বৃদ্ধি হৈ ৫৬.৩৪ শতাংশ হোৱাৰ লগতে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যাও এইবাৰ যথেষ্ট বৃদ্ধি পায়৷ কিয়নো, ২০১৭ বৰ্ষত জিলাখনৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান খ্ৰীষ্টজ্যোতি স্কুলৰ পলক আলমপুৰীয়াই জিলাখনৰ একমাত্ৰ পৰীক্ষাৰ্থী হিচাপে ৰাজ্যৰ ভিতৰত নৱম স্থান লাভ কৰাৰ বিপৰীতে ২০১৮ চনত খ্ৰীষ্টজ্যোতি স্কুলৰ ৰাজশ্ৰী নন্দিনী কাকতি, ৰহাৰ প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীৰ ভাৰ্গৱজ্যোতি দাস আৰু নিলবাগান জাতীয় বিদ্যালয়ৰ নায়ীমা ফিৰদৌৰ বৰভূঞাই ৰাজ্যৰ ভিতৰত স্থান দখলেৰে জিলাখনক গৌৰাম্বিত কৰিছিল৷

কিন্তু এইবাৰ মুঠ সাতগৰাকীকৈ মেধাৱীয়ে ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰিবলৈ সক্ষম হ’ল৷ কাজেই, পৰীক্ষাত স্থান লাভ কৰা মেধাৱীৰ সংখ্যা আৰু পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ এইবাৰ বিগত দুটা বৰ্ষতকৈ অভাৱনীয়ভাৱে বৃদ্ধি হোৱাত সমগ্ৰ নগাঁও জিলাতে উছাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে৷