130
নগাঁৱঃ জুৰীয়াত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰম্ভ হয়। যোৱাকালি জুৰীয়াৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ জুৱা খেলৰ বিৰুদ্ধে জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্পণ শইকীয়াৰ নেতৃত্বত জুৰীয়াৰ লগতে সুঁতিৰপাৰত চৈধ্যটাকৈ জুৱাৰ ঘাটি উচ্ছেদ কৰা হয়।
