জয়ন্ত মুদৈ,নগাঁওঃ “দেখিছোঁ নদীৰ ধলে বলাৎকাৰ কৰা পথাৰক/পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান/ শুনিছো সিন্ধুৰ বানে নিমিষতে নগৰক/ আত্মসাৎ কৰি/ এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান”…. এনেদৰেই সোমবাৰে প্ৰয়াত কবিসকলৰ কবিতা পাঠেৰে উজলি উঠিল নগাঁও জিলাৰ অন্তৰ্গত বেবেজীয়াৰ সমীপৰ পেটবঢ়াৰ ভেকুলী গৰুবাটৰ দলং।
ফিনিক্স খ্যাত কবি নৱকান্ত বৰুৱাৰ মৃত্যু তিথি উপলক্ষে আয়োজন কৰা ‘দলঙত কবিতা’ শীৰ্ষক অগতানুগতিক অনুষ্ঠানটোত কলং সুঁতিৰ দলঙৰ ওপৰত সমবেত হ’ল অগণণ কাব্য অনুৰাগী।