59
জয়ন্ত মুদৈ, নগাঁওঃ উৎসৱ বুলিলেই সাধাৰণতে অধিক পয়োভৰ ঘটে সুৰাৰ৷ ইয়াৰ অচিলা লৈ উৎসৱৰ বতৰত একাংশ অসাধু সুৰা ব্যৱসায়ীয়ে অতি নিম্নমানৰ বিলাতী সুৰাৰ ৰমৰমীয়া বজাৰ গঢ়ি তুলি অধিক মুনাফা অৰ্জন কৰাৰ বিপৰীতে নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে৷
তদ্ৰুপ এইবাৰো সম্প্ৰতি ৰঙালী বিহুৰ আনন্দ-উছাহৰ গইনা লৈ নগাঁও জিলাত এক অসাধু চক্ৰই তেনে অবৈধ ব্যৱসায় শক্তিশালী নেটৱৰ্ক গঠনেৰে অবাধে চলাই থকা বুলি জানিব পৰা গৈছে৷