জাজৰিঃ ভাষা-সাহিত্য-সংস্কৃতি চৰ্চা আৰু অনুশীলনৰ অনুষ্ঠান অৰুণোদয় সাহিত্য চ'ৰাৰ এপ্ৰিল মাহৰ সাহিত্য বৈঠকখনি যোৱা ২১ এপ্ৰিলত নগাঁৱৰ লক্ষীনগৰস্থিত হোমিওপেথিক মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনৰ দুই বজাৰপৰা অনুষ্ঠিত হয়।

চ'ৰাৰ সভাপতি ভৱেশ মেধিৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে সহ-সম্পাদিকা স্মৃতা কলিতাই। বিজন পাটৰ, ৰাহুল দেৱ বৰদলৈ, দীপজ্যোতি বৰা, ৰঞ্জনা বৰা, দেৱযানী পাঠক শৰ্মা, বিচিত্র নাৰায়ন বৰা, ৰাতুল শৰ্মা, দীপ্তি বৰাকে ধৰি ডেৰকুৰি কবিৰ স্ব-ৰচিত কবিতা পাঠেৰে ব'হাগৰ আবেলিটো মধুৰ কৰি তোলে।

নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক ড° সদানন্দ পায়েঙে ৰসাল বক্তব্যৰে পঠিত কবিতাৰ সৰল সমীক্ষা আগবঢ়োৱা বৈঠকত কেইবাটিও তত্বগধুৰ প্ৰবন্ধ, ৰসৰচনা পাঠ কৰা হয়। এই বৈঠকতে অৰুণোদয় সাহিত্য চ'ৰাৰ আগন্তুক জুন মাহত হ’ব লগা দ্বি-বাৰ্ষিক অধিৱেশনত প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ 'অৰুণোদয়’ৰ সন্দৰ্ভতো আলোচনা কৰা হয়।

কবি, সাংবাদিক ৰাহুল দেৱ বৰদলৈৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া গ্ৰন্থখনিৰ বাবে ইতিমধ্যেই লেখক-লেখিকাসকলৰপৰা নিৰ্বাচিত গল্প, প্ৰবন্ধ, নিবন্ধ, ভ্ৰমণ কাহিনী, ৰস ৰচনা আৰু কবিতা বিচৰা হৈছে। লেখাসমূহ পঠোৱাৰ ঠিকনাঃ ৰাহুল দেৱ বৰদলৈ, সম্পাদক, স্মৃতিগ্ৰন্থ 'অৰুণোদয়’, ফোনঃ ৭০০২০৫৬৫৭৭, ৱাটচ আপঃ ৯৪০১২৪৩২০৭।