জয়ন্ত মুদৈ,নগাঁও

নগাঁওঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় অধীনস্থ নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু নগাঁও জিলা মুক্তাৱ উন্নয়ন সমিতিৰ সহযোগত সোমবাৰে বটদ্ৰৱা সমীপৰ চামধৰা আফাজ উদ্দিন ছোৱালী হাই মাদ্ৰাছাত "Block Level Neighborhood youth Parliament" শীৰ্ষক এক অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয়। 

কাৰ্যসূচী অনুসৰি পুৱা বৃক্ষ ৰোপণ কৰে বিদ্যালয়ৰ অধীক্ষক প্ৰহ্লাদ চন্দ্ৰ দাস আৰু নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি মাজিদুল ইছলামে। এই কাৰ্যসূচীৰ পিছতে বিদ্যালয়ৰ ছাত্ৰীৰ লগতে স্থানীয় যুৱক-যুৱতীৰ দ্বাৰা চাফাই অভিযানৰ অন্তত জ্যেষ্ঠ যোগ প্ৰশিক্ষক প্ৰভাত চন্দ্ৰ বৰা আৰু নেহেৰু যুৱ কেন্দ্ৰৰ সেচ্চাসেৱক তথা যোগ প্ৰশিক্ষক নয়না ৰাজকুমাৰী দ্বাৰা যোগৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

দুপৰীয়া নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰ সঞ্চালন অনুষ্ঠিত হোৱা মুকলি সভাত জেষ্ঠ শিক্ষক তথা সমাজ সেৱক আব্দুছ ছালাম, মাদ্ৰাছাৰ জেষ্ঠ শিক্ষয়িত্ৰী ৰহিমা খাতুনে যুৱ নেতৃত্বত আৰু স্বাস্থ্য সুৰক্ষাৰ লগতে স্বচ্ছতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।