♦ মধ্য অসমবাসীৰ বাবে সুখবৰ

জয়ন্ত মুদৈ, নগাঁওঃ মধ্য অসমবাসীৰ বাবে এক সুখবৰ। পোন প্ৰথমবাৰৰ বাবে নগাঁও জিলাৰপৰা দক্ষিণ ভাৰতলৈ মাত্ৰ এদিনৰ পাছৰে পৰাই আৰম্ভ হ’ব অত্যাধুনিক ৰে’ল সেৱা৷

জিলাখনৰ কলিয়াবৰৰ শিলঘাট ষ্টেচনৰপৰা অহা ২২ ফেব্ৰুৱাৰীত ভাৰতীয় ৰে’ল বিভাগে আনুষ্ঠানিকভাৱে এই ৰে’ল সেৱা মুকলি কৰিব। এই ৰে’ল সেৱা মুকলি হোৱাৰ লগে লগে সমগ্ৰ মধ্য অসমেই নহয় উত্তৰ অসমৰ ৰে’লযাত্ৰী সকলে দক্ষিণ ভাৰত ভ্ৰমণৰ সুবিধা লাভ কৰিব। 

নৱ সংযোজিত "শিলঘাট-তাম্বাৰাম এক্সপ্ৰেছ" নামৰ এই ৰে’লখন প্ৰতি সপ্তাহৰ শুক্ৰবাৰে চেন্নাই অভিমুখে যাত্ৰা কৰি দেওবাৰে নিশা চেন্নাই পাবগৈ আৰু চেন্নাইৰপৰা শিলঘাট অভিমুখে প্ৰতি সোমবাৰে যাত্ৰা কৰি বৃহস্পতিবাৰে শিলঘাট পাবহি।

এই এক্সপ্ৰেছ ৰে’লখনত এটা টু-টায়াৰ এচি দবা, চাৰিটা থ্ৰি-টায়াৰ এচি দবা, ১৩ টা শ্লিপাৰ ক্লাছ দবাসহ মুঠ ২৩ টা দবা থাকিব। এই ৰে’লসেৱা শুভাৰম্ভ হোৱাৰ ফলত চেন্নাইলৈ চিকিৎসাজনিত কাৰণে যোৱা মধ্য অসমৰ ৰোগীসকল বিশেষভাৱে উপকৃত হ'ব। 

প্ৰসংগতঃ উল্লেখ্য যে, নগাঁও বাসী ৰাইজৰ বহু প্ৰতীক্ষাৰ অন্তত চলিত বৰ্ষৰ পহিলা জানুৱাৰীত ভাৰতীয় ৰে’ল বিভাগে জিলাখনৰ শিলঘাট ৰে’ল ষ্টেচনৰপৰা এখন দূৰণিবটীয়া ৰে’লৰ সেৱাৰ শুভাৰম্ভ কৰিছিল। ইয়াৰ পাছত চেন্নাইলৈ চলিবলগীয়া এই ৰে’ল সেৱাই মধ্য অসমবাসীক বাৰুকৈয়ে উপকৃত কৰিব। 

উল্লেখ্য যে কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইৰ প্ৰচেষ্টাত এই ৰে’ল সেৱা ৰাইজে লাভ কৰিবলৈ সক্ষম হ'ব। অহা ২২ ফেব্ৰুৱাৰী শুকুৰবাৰে চেন্নাই অভিমুখে যাব লগা নতুন ৰে’লখনৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠান নগাঁও ৰে’ল ষ্টেচনত অনুষ্ঠিত হ'ব। 

ইয়াৰ বাবে ৰে’ল বিভাগে ইতিমধ্যে যাবতীয় প্ৰস্তুতি গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ইপিনে, মধ্য অসমৰ ৰাইজে ৰাজেন গোহাঁইৰ মন্ত্ৰিত্ব কালত দেশৰ ৰাজধানী দিল্লীলৈ যাবৰ বাবে আন এখন ৰে’ল সেৱা মুকলি কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে। এই ক্ষেত্ৰত ৰে’ল ৰাজ্যমন্ত্ৰী গৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব।