Home ৰাজ্যপখিলা খেদা বয়সতে নিষ্ঠুৰ বাস্তৱৰ সন্মুখীন কিশোৰী

পখিলা খেদা বয়সতে নিষ্ঠুৰ বাস্তৱৰ সন্মুখীন কিশোৰী

by News Desk
A+A-
Reset
a0b1264f-f815-4981-a67b-ca242d40a568

জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাইদঙীয়াৰ ক’ৰচোং সত্ৰৰ এজনী মৰম লগা কণমানী ছোৱালী৷ নিষ্ঠুৰ বাস্তৱৰ সন্মুখীন হৈ পখিলা খেদা বয়সতে জীৱনৰ কঠোৰ সংগ্ৰামৰ সন্মুখীন হ’ব লগীয়া হৈছে এই কনমানীজনীয়ে৷ বহু কষ্টৰে তাই অব্যাহত ৰাখিছে কঠোৰ জীৱন সংগ্ৰাম৷ উপলব্ধি কৰিব জোখাৰে বয়স নৌহওঁতেই চম্ভালিবলগীয়া হৈছে নিজৰ ঘৰখন৷ আনকি অন্ধ মাতৃক চোৱাচিতা কৰিবৰ বাবেই বাদ দিবলগীয়া হৈছে বিদ্যালয়৷ এই কনমানিজনীৰ নাম হৈছে পল্লবী বৰা৷ 

বয়স মাত্ৰ বাৰ বছৰ। স্কুলৰ সমনীয়াৰ লগত পঢ়াশুনা কৰা, খেল ধেমালি, হাঁহি-স্ফুৰ্তি বা ৰং-তামাচা কৰাৰ বয়সতে হঠাৎ এই কনমানিজনীৰ জীৱনলৈ নামি অহা কাল অমানিশাৰ কাৰণ হ’ল পিতৃ-মাতৃৰ তায়েই একমাত্ৰ সন্তান। পঞ্চম মানত পঢ়িবলৈ লওঁতেই এদিন দেউতাক উচ্চ ৰক্তচাজনীত ৰোগত আক্ৰান্ত শৰীৰৰ এটা অংশ সম্পূৰ্ণ বিকল হৈ পৰে। যিহেতু বাপেকেই আছিল তেওঁলোকৰ একমাত্ৰ ভৰষা৷ গতিকে বাপেকে অসুস্থ হৈ পৰাৰ লগে লগে স্বাভাৱিকতেই আৰ্থিকভাৱে দুৰ্বল হৈ পৰে পৰিয়ালটো৷ এনেদৰে এটা বছৰ পাৰ হোৱাৰ পিছত এদিন আকৌ মাক পুতুলি বৰা অসুস্থ হৈ পৰে৷ এই অসুস্থতাতেই মাকে নিজৰ দৃষ্টি শক্তিও হেৰুৱাই পেলায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0