জয়ন্ত মুদৈ,নগাঁওঃ ইতিমধ্যে দুটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ বাবে মাজতে মাত্ৰ এটা দিনহে থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইজৰ মাজতো এতিয়া নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি সঘনে নানা জল্পনা-কল্পনা চলা দেখিবলৈ পোৱা গৈছে৷

সম্প্ৰতি গ্ৰামাঞ্চলৰ সৰ্বত্ৰে পথাৰৰ ধান চপোৱাৰ অতি ব্যস্ততাপূৰ্ণ পৰিৱেশে বিৰাজ কৰিলেও ৰাইজৰ মাজত সততে আলোচনা চলিছে কোন জিকিব বা কোন হাৰিব? তদুপৰি কোন দলে পঞ্চায়ত বা জিলা পৰিষদ গঠন কৰিব?

একপ্ৰকাৰে যেন বটদ্ৰৱা সমষ্টিৰ ভোটাৰে আন সমষ্টিবোৰৰ দৰেই নিজৰ নিজৰ পছন্দৰ প্ৰাৰ্থীগৰাকীৰ জয়ৰ আশা নিশ্চিত কৰি নিতৌ ব্যস্ততাৰ মাজতো সময় উলিয়াই অব্যাহত ৰাখিছে জয়-পৰাজয়ৰ অংক৷ হাতীচোং,বটদ্ৰৱা,চাবুকধৰা আৰু টুকটুকী জিলা পৰিষদকলৈ গঠিত বটদ্ৰৱা সমষ্টিত এইবাৰ প্ৰতিটো পঞ্চায়ততে ঘাইকৈ কংগ্ৰেছ,অ গ প আৰু বি জে পিৰ মাজতে নিৰ্বাচনী যুঁজখন সীমাবদ্ধ থাকিব যদিও বটদ্ৰৱা আৰু টুকটুকী জিলা পৰিষদৰ এলেকাধীন বহুকেইখন পঞ্চায়তত এ আই ইউ ডি এফে কিছু পৰিমাণে জটিলতাৰ সৃষ্টি কৰিব বুলি ৰাজনীতিৰ ভূ-ৰখা মহলে মত ব্যক্ত কৰাৰ লগতে হৰা-জিকাৰ অংকতো খুব কম সংখ্যক ভোটৰ ব্যৱধানত হ’ব বুলি ঠাৱৰ কৰিছে৷

কিন্তু ফলাফল যিয়েই নহওঁক কিয় সম্প্ৰতি সমষ্টিটোৰ দোকান-পোহাৰ, তিনিআলি-চাৰিআলি, হাট-বজাৰ, অফিচ, জিৰণী চ’ৰা কিম্বা ক্লাব ঘৰ আদিত বেছ আমোদজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে একমাত্ৰ ভোটাৰ ৰাইজৰ স্বপ্নবিভোৰ আলাপ-আলোচনাই৷

এক কথাত বিগত দুই-তিনিদিনৰপৰা ঘৰৰ বাহিৰে-ভিতৰে ৰাইজৰ মাজত সততে চৰ্চাৰ বিষয় হৈ পৰিছে কোনে কিমান ভোটত জয়ী হ’ব বা কোনে পৰাজয় বৰণ কৰিব৷ আনকি বহুতেই আকৌ নিজৰ নিজৰ মাজত নিৰ্বাচনৰ ফলাফলক লৈ বাজী মৰাও পৰিলক্ষিত হৈছে৷ ইফালে, বহু প্ৰাৰ্থীয়ে নিজৰ জয়ী হোৱাৰ কামনাৰে মন্দিৰ-মছজিত আদিত মূৰ দোঁৱাই নেদেখাজনৰ আৰ্শীবাদ লোৱাও দেখিবলৈ পোৱা গৈছে ৷

সি যি নহওঁক অহা ১২ ডিচেম্বৰতহে জানিব পৰা যাব কাৰ সৌভাগ্য উদয় হ’ব, কোনে বিজয় মালা পৰিধান কৰিব বা কাৰ মুখত জিলিকি উঠিব পৰাজয়ৰ গ্লানি৷