নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হৈছে ৷ জিলাখনত পুৱা নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ আৰম্ভ হোৱা ভোট গণনাত বাতৰি লিখাৰ সময়লৈকে প্ৰতিটো জিলা পৰিষদৰ মাত্ৰ দুটাকৈহে পঞ্চায়তৰ নিৰ্বাচনী ফলাফল ঘোষিত হোৱা পৰিলক্ষিত হৈছে৷
ইয়াৰ ভিতৰত জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে চিহ্নিত হোৱা বটদ্ৰৱা সমষ্টিত ঘোষিত ফলাফলত সামগ্ৰিকভাৱে কোনো দলৰে একক আধিপত্য লাভ কৰা নাই ৷ মুঠ চাৰিটা জিলা পৰিষদ আসনক লৈ গঠিত সমষ্টিটোত লক্ষণীয়ভাৱে ৮ নং টুকটুকী জিলা পৰিষদৰ অন্তৰ্গত ২৯ নং টুকটুকী গাঁও পঞ্চায়তটো শাসকীয় বি জে পি,অ গ প আৰু কংগ্ৰেছ দলক সম্পূৰ্ণৰূপে ধৰাশায়ী কৰি এ আই ইউ ডি এফ দলে দখল কৰিবলৈ সক্ষম হয়৷ পঞ্চায়তটোত সভাপতি পদত এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল হকে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী মইনুল হকক ৭৩৯ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷