102
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত অসম চৰকাৰৰ বন, পৰিৱেশ, আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শুকুৰবাৰে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।
উক্ত বৈঠকত নগাঁও, হোজাই আৰু মৰিগাঁও জিলাৰ আবকাৰী, বন আৰু মীন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে উক্ত বৈঠকত এই তিনিটা বিভাগৰ বিষয়াসকলৰপৰা উক্ত তিনিখন জিলাত ৰূপায়িত হৈ থকা আঁচনিসমূহৰ বিষয়ে বুজ লয়।