নগাঁওঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত শনিবাৰে বিদ্যালয়ৰ সভাগৃহত  ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙৰ সঞ্চালনাত "আইনী সাক্ষৰতা পাঠদান" শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰে৷

নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে ন্যায় সেৱা প্ৰাধিকাৰী আইন ১৯৮৭ ৰ ব্যাখ্যা আগবঢ়োৱাৰ উপৰিও ন্যায় সেৱা প্ৰাধিকাৰীয়ে বৰ্তমান কৰি অহা বিভিন্ন সজাগতা সভা, নিজ ঘৰতে পৰিয়ালৰ দ্বাৰা নিপিড়িত, নিৰ্যাতিত, দিব্যাংগ, দৰিদ্ৰ, মানসিকভাৱে সক্ষম লোক সকলকৰ হৈ কৰি অহা উন্নয়ন আৰু গঠন মূলক কাম-কাজ সমূহৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷

এই সজাগতা সভাত ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপে উপস্থিত থকা শংকৰদেৱ নগৰ আদালতত কৰ্মৰত অধিবক্তা দিপক দেৱনাথে শিশু শ্ৰমিক নিৰ্বাৰণী আইন ১৯৮৬ আৰু শিক্ষাৰ অধিকাৰ আইনৰ ওপৰত উপস্থিত ছাত্র-ছাত্রী সকলৰ আগত বহুলভাৱে ব্যাখ্যা আগবঢ়োৱাৰ বিপৰীতে ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা শংকৰদেৱ নগৰ আদালতত কৰ্মৰত অধিবক্তা ছাহানা বেগম ছৌধুৰীয়ে আইনৰ বিভিন্ন ধাৰাৰ ওপৰত বহলাই কোৱাৰ লগত বাল্য বিবাহ আইনৰ ওপৰত ব্যাখ্যা দাঙি ধৰে৷

প্ৰায় ডেৰ শতাধিক ছাত্র-ছাত্রী উপস্থিত থকা এই সজাগতা সভাত নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীৰ অৰ্ধ আইনী সহায়ক দ্বীপেন শইকীয়া, পাপুমনি বৰা আদি উপস্থিত থাকে৷ অতি পৰিতাপৰ কথা যে, কোনো কাৰণ নোহোৱাকৈয়ে দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন দিনৰ প্ৰায় ১-৩০ বজাতে ছুটি দিয়া কাৰ্যই সচেতন মহলক স্তম্ভিত কৰি তোলে৷ এজন মাত্র শিক্ষক উপস্থিত থকা সজাগতা সভাখনত বিদ্যালয়খনৰ মুৰব্বী গৰাকীৰ লগতে অন্যান্য শিক্ষক-শিক্ষয়িত্রী সকলে এই "আইনী সাক্ষৰতা পাঠদান" শীৰ্ষক সজাগতা সভাখনত উপস্থিত নথকাৰ কথাই নগাঁও আৰু শংকৰদেৱ নগৰ আদালতৰপৰা যোৱা সমল ব্যক্তি সকলকো বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ দিশটো কেনে হ’ব তাৰ ওপৰত চিন্তা কৰিবলৈ বাধ্য কৰাইছে৷

এনেদৰে বিদ্যালয়খনত চলি থকা দীৰ্ঘদিনীয়া অনিয়ম সমূহ আঁতৰ কৰাৰ ক্ষেত্রত এতিয়া নগাঁও বিদ্যালয়সমূহৰ পৰিৰ্দশক গৰাকীৰ হস্তক্ষেপ দাবী কৰিছে একাংশ সচেতন লোকে৷