200
নগাঁওঃ অসম বিজ্ঞান সমিতিৰ নগাঁও কলংপাৰ শাখাৰ উদ্যোগত শনিবাৰে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘উদ্ভাৱন ২০১৯’ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জিলা ভিত্তিক বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
