53
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও আৰু মৰিগাঁও জিলা সংলগ্ন মৈৰাবাৰী উন্নয়ণ খণ্ডত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ নামত আবন্টিত চৰকাৰী পুঁজিৰ ব্যাপক লুণ্ঠনৰাজ চলি থকাৰ গুৰুতৰ অভিযোগ উঠিছে৷
বিশেষকৈ উন্নয়ণ খণ্ডটোত কৰ্মৰত খণ্ড উন্নয়ণ বিষয়াজনে ঠিকাভিত্তিক কৰ্মৰত গ্ৰাম ৰোজগাৰ সহায়ক চমুকৈ জিআৰএছসকলৰ প্ৰত্যক্ষ সহযোগত বিভিন্ন পঞ্চায়তত চৰকাৰী নীতে-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি অব্যাহত ৰাখিছে দুৰ্নীতি-অনিয়মৰ মুকলি বেহা৷