অঞ্জন শইকীয়া, ছতিয়াঃ যোৱা  ২২ এপ্রিৰপৰা ২৪ এপ্ৰিল তাৰিখলৈকে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পূব মাণ্ডলিক আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত বিশ্বনাথ মহাবিদ্যালয়ে সৰ্বাধিক ২০ টা পুৰস্কাৰৰ খিতাপেৰে শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ খিতাপ লাভ কৰে।

মহাবিদ্যালয়খনে ৬টা সোণৰ পদক, ৮টা ৰূপৰ পদক আৰু ৬টা ব্ৰঞ্জৰ পদক লাভ কৰি মহাবিদ্যালয়খনৰ লগতে বিশ্বনাথ জিলালৈ গৌৰৱ কহিয়াই আনিছে। দলীয় শাখাত ৫ টা আৰু একক শাখাত ১৪ টা লগতে দ্বিতীয় শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ আলোচনীৰ খিতাপ লাভ কৰে।

যুৱ মহোৎসৱত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকল হ’ল নিকী বৰা, পংকজ নেওগ, সৌৰভ কুমাৰ মিশ্ৰ, নেহা শৰ্মা, কৌস্তুভ শইকীয়া, চিৰন্তন ভূঞা মাধুৰ্য বৰা, ৰিংকু বাঢ়ৈ, নৱ তালুকদাৰ, উদ্দীপন বাঢ়ৈ, শুভজো্তি দাস, আকাশদীপ বাৰুতি, প্ৰিয়ম দাস, প্ৰবাল বৰুৱা, হৰিশ স্কন্ধ, কৃষ্টি শইকীয়া, নম্ৰতা ওজা, পিনাক্ষী বৰাক মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা মীৰা মুদৈ বৰাই অভিন্দন জ্ঞাপন কৰে। 

যথেষ্ট কষ্ট কৰি দলটোক পৰিচালনা কৰা দুগৰাকী তত্বাৱধায়ক ড০ খগেন শইকীয়া আৰু বলীন ভুঞাকো অভিন্দন জ্ঞাপন কৰা হয়। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পংকজ নেওগ আৰু সভানেত্ৰী নিকী বৰাই দলটোক অভিন্দন জ্ঞাপন কৰে। লগতে সংগীত আৰু সুকুমাৰ কলা বিভাগৰ সম্পাদক সৌৰভ কৃষ্ণ মিশ্ৰক অভিন্দন জ্ঞাপন কৰা হয়।