♦ বটদ্ৰৱাক সুৰামুক্ত কৰাৰ আহ্বান

♦ ভাৰতীয় মহিলা ক্ৰিকেট 'এ' দলৰ খেলুৱৈ মণিষা দাসক আই সতী ৰাধিকা বঁটা প্ৰদান 

জয়ন্ত মুদৈ, নগাঁওঃ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উদ্যাগত আৰু পৰিষদৰ নগাঁও জিলা সমিতিৰ সহযোগত তথা বটদ্ৰৱা আৰু ৰাইদঙীয়া আঞ্চলিক সমিতিৰ ব্যৱস্থাপনাত গুৰুজনাৰ ওপজা ভূমি বটদ্ৰৱাৰ আই সতী ৰাধিকা স্মৃতিক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আই সতী ৰাধিকা দিৱসটি দেওবাৰে দিনযোৰা কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয়৷

সেই উপলক্ষে পুৱা ৮ বজাত পতাকা উত্তোলন কৰে অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে, স্মৃতি তৰ্পণ কৰে যাদৱ দাসে, ৯ বজাত সতী ৰাধিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু ৯.৩০ বজাত গছ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত ১১ বজাৰপৰা উলিওৱা এটি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ বটদ্ৰৱা অঞ্চল পৰিভ্ৰমণ কৰে।

বিয়লি ২ বজাত সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা মুকলি সভাত সভাপতিত্ব কৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে। সভাতে ভাৰতীয় মহিলা ক্ৰিকেট 'এ' দলৰ খেলুৱৈ ঢকুৱাখনাৰ মণিষা দাসক অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ তৰফৰ পৰা আই সতী ৰাধিকা বঁটা প্ৰদান কৰা হয়। 

সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি মদ মুক্ত দাবী সমিতিৰ সভাপতি প্ৰবীণ দাসে গুজৰাটৰ দৰে গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাকো সম্পূৰ্ণ ৰূপে সুৰা মুক্ত কৰাৰ আহ্বান জনায়। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, প্ৰবীণ চন্দ্ৰ দাস, লোক সংস্কৃতিৰ সাধক বিষ্ণুৰাম মেধি, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমচন তেৰণে ভাষণ প্ৰদান কৰা সভাখনিত কনকজিৎ দাস, ৰঞ্জন দাস, ৰঞ্জিত দাস, অবিনাশ দাস, ভূপেন কাকতিকে প্ৰমুখ্য কৰি পাঁচ শতাধিক লোক উপস্থিত আছিল।

সভাৰ শেষত বৰগীত, সত্রীয়া নৃত্য, বিহু নৃত্য আদি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।