জয়ন্ত মুদৈ, নগাঁওঃ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উদ্যাগত আৰু পৰিষদৰ নগাঁও জিলা সমিতিৰ সহযোগত তথা বটদ্ৰৱা আৰু ৰাইদঙীয়া আঞ্চলিক সমিতিৰ ব্যৱস্থাপনাত গুৰুজনাৰ ওপজা ভূমি বটদ্ৰৱাৰ আই সতী ৰাধিকা স্মৃতিক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আই সতী ৰাধিকা দিৱসটি দেওবাৰে দিনযোৰা কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয়৷
সেই উপলক্ষে পুৱা ৮ বজাত পতাকা উত্তোলন কৰে অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে, স্মৃতি তৰ্পণ কৰে যাদৱ দাসে, ৯ বজাত সতী ৰাধিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু ৯.৩০ বজাত গছ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত ১১ বজাৰপৰা উলিওৱা এটি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ বটদ্ৰৱা অঞ্চল পৰিভ্ৰমণ কৰে।