ষড়ানন বৰা, চামগুৰিঃ অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত ১৯৯৬ চনত পুৰণিগুদামত স্থাপিত পুৰণিগুদাম বিদ্যানিকেতনে বিগত বৰ্ষৰ দৰে এইবাৰো এশ শতাংশৰ উৰ্ত্তীণৰ সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হোৱাৰ উপৰি দুজন ছাত্ৰই অসমৰ ভিতৰত সপ্তম আৰু দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
এই সফলতাই পুৰণিগুদামলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়খনৰপৰা মুঠ ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে অংকুৰ ৰাজ কাশ্যপে সপ্তম স্থান আৰু মিন্টু গায়নে দশম স্থান লাভ কৰাৰ লগতে ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন, ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক, ২৫ গৰাকীয়ে প্ৰথম বিভাগ, ১১ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু দুগৰাকী ছাত্ৰই তৃতীয় বিভাগ লাভ কৰে।