জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ এছ কে বি এল ৰঙ্গমঞ্চত অনুষ্ঠিত হৈ থকা সাতদিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালাখনিৰ বুধবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যতাপূৰ্ণ অনুষ্ঠানেৰে সামৰণি পৰে।
সন্মিলিত এচ কে বি এল শ্ৰীমন্ত শংকৰ জন্মোৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত আয়োজন কৰা কৰ্মশালাত নগাঁও আৰু মৰিগাঁও জিলাৰ পৰা অহা দুকুৰিৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাখনত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে সত্ৰীয়া আৰু কথক নৃত্যৰ বিশাৰদ নগাঁৱৰ প্ৰতিষ্ঠিত নৃত্য শিল্পী নিজৰা ডেকা বৰাই।