63
নগাঁওঃ চৰকাৰী ঘোষণা অসাৰ প্ৰতিপন্ন হ’ল নগাঁও জিলাৰ জুৰীয়া অঞ্চলৰ বিদ্যালয়সমূহত৷ চৰকাৰী বিদ্যালয়সমূহত মাচুল সম্পূৰ্ণ বিনামুলীয়া হ’ব বুলি চৰকাৰে কৰা ঘোষণা মিথ্যাচাৰত পৰিণত হ’ল জুৰীয়াৰ বিদ্যালয়সমূহত৷
জানিব পৰা মতে, যাৰ যি ইচ্ছা সেই মতেই লোৱা হৈছে ছাত্ৰ-ছাত্ৰীৰপৰা মাচুল৷ অতিকৈ আচৰিত কথাটো হ’ল বিদ্যালয় কৰ্তৃপক্ষই কয় এটা আৰু ছাত্ৰ-ছাত্ৰীয়ে কয় এটা৷ প্ৰকৃততে কোন সঁচা কোন মিছা?