কাৰ্বি আংলং ব্যুৰ': বোকাজানত মিত্ৰদেৱ শৰ্মা আৰু অন্নদা প্ৰভা শৰ্মা সোঁৱৰণী পুৰুষৰ দ্বৈত দ্বিতীয় বাৰ্ষিক দিবা-নৈশ প্ৰাইজমণি বেডমিন্টন প্ৰতিযোগিতা শুকুৰবাৰৰেপৰা আৰম্ভ হয়।

বোকাজান স্পৰ্টছ ক্লাবৰ উদ্যোগত বোকাজান খণ্ড উন্নয়ণ কাৰ্যলয়ৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আৰম্ভনিতে অতিথি চিনাকী পৰ্বৰ লগতে প্ৰয়াত মিত্ৰদেৱ শৰ্মা আৰু অন্নদা প্ৰভা শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়৷

বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে বোকাজান খণ্ড উন্নয়ণ বিভাগৰ খণ্ড বিষয়া জোনালী নাথে আৰু পৰিয়ালবৰ্গৰ হৈ জ্যেষ্ঠ পুত্ৰ পৱিত্ৰজ্যোতি শৰ্মাই৷ প্ৰতিযোগিতাৰ শুভ উদ্ধোধন কৰে বোকাজান মহকুমাধিপতি কাৰ্যালয়ৰ অতিৰিক্ত সহকাৰী আয়ুক্ত এ বেমথৌই চানুৱে ৷

তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক দিবা-নৈশ পুৰুষৰ প্ৰাইজমণি বেডমিন্টন প্ৰতিযোগিতাখনি অহা ২৩ ডিচেম্বৰত অন্ত পৰিব ৷ প্ৰতিযোগিতাখনিত কাৰ্বি আংলং জিলাৰ বহু প্ৰতিযোগী দলে অংশগ্ৰহণ কৰাৰ উপৰি চুবুৰীয়া জিলা গোলাঘাট আৰু চুবুৰীয়া ৰাজ্য নগালেণ্ডৰপৰাও কেইবাটাও দলে অংশগ্ৰহণ নিশ্চিত কৰিছে বুলি বোকাজান স্পৰ্টছ ক্লাবৰ কৰ্মকৰ্তাই জানিবলৈ দিয়ে৷