নগাঁওঃ অসমীয়া সমাজত "ৰাখে হৰি মাৰে কোনে" বুলি এশাৰী আপ্তবাক্য অতীজৰে পৰা প্ৰচলিত হৈ আছে৷ এই আপ্তবাক্যশাৰী এইবাৰ প্ৰমাণিত হ’ল এগৰাকী নগঞা যুৱকৰ ক্ষেত্ৰত৷ এই যুৱকগৰাকীৰ নাম মৃদুপৱণ ভূঞা৷ ঘৰ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটত৷ 

চাকৰি কৰে চি আৰ পি এফৰ জোৱান হিচাপে৷ সমগ্ৰ বিশ্বতে তোলপাৰ লগোৱা কাশ্মীৰৰ পুলৱামাত পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনে সংঘটিত কৰা ভয়াৱহ বোমা বিস্ফোৰণত কথমপি প্ৰাণ ৰক্ষা পৰে এই যুৱকজনৰ৷ চকলাঘাটৰ দুতিৰাম ভূঞা আৰু মনি ভূঞাৰ কনিষ্ঠ সন্তান মৃদুপৱণ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা সেনা বাহিনীৰ কনভয়ৰ লগতে আছিল৷ 

মৃদুপৱণ কাশ্মীৰলৈ সতীৰ্থ জোৱানসকলৰ সৈতে গৈ থকা অৱস্থাতেই সংঘটিত হৈছিল সেই ভয়ংকৰ বিস্ফোৰণ৷ এই ভয়াৱহ ঘটনাৰ খবৰ পোৱাৰ পিছতেই যুৱকজনৰ পৰিয়ালবৰ্গৰ গভীৰ চিন্তাগ্ৰস্ত হৈ পৰিছিল যদিও ঘটনাৰ পিছতেই ফোন যোগে ঘৰলৈ তেওঁ কুশঁলে থকা বুলি অৱগত কৰাতহে স্বস্তিৰ নিশ্বাস পেলায় পৰিয়ালৰলোকে৷ 

বৰ্তমান মৃদুপৱণ সম্পূৰ্ণ ভালে-কুশঁলে থকা বুলি জানিব দিছে পৰিয়ালৰ লোক৷ উল্লেখ্য যে, ঘটনাৰ দিনা মৃদুপৱণ বিস্ফোৰণ সংঘটিত হোৱা আগৰ গাড়ীত আছিল৷ ভয়াৱহ সেই বিস্ফোৰণত সমগ্ৰ অঞ্চল কঁপি যোৱাৰ বিপৰীতে সমগ্ৰ ঠাই ধোৱাৰে আৱৰি ধৰিছিল৷ মৃদুপৱণ উঠি যোৱা গাড়ীখনৰো অৱশ্যে কিছু পৰিমাণে ক্ষতিসাধন হয় যদিও গাড়ীখনত থকা জোৱানসকল ৰক্ষা পৰে৷ বৰ্তমান অসমীয়া এই নগঞা চি আৰ পি এফৰ জোৱানজনে নিজৰ কৰ্মত ব্যস্ত হৈ পৰাৰ লগতে পৰিয়ালৰ লগত সঘনে যোগাযোগ ৰাখি কুশঁল বাৰ্তা প্ৰেৰণ কৰি আহিছে৷