নগাঁওঃ অসমীয়া সমাজত “ৰাখে হৰি মাৰে কোনে” বুলি এশাৰী আপ্তবাক্য অতীজৰে পৰা প্ৰচলিত হৈ আছে৷ এই আপ্তবাক্যশাৰী এইবাৰ প্ৰমাণিত হ’ল এগৰাকী নগঞা যুৱকৰ ক্ষেত্ৰত৷ এই যুৱকগৰাকীৰ নাম মৃদুপৱণ ভূঞা৷ ঘৰ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটত৷
চাকৰি কৰে চি আৰ পি এফৰ জোৱান হিচাপে৷ সমগ্ৰ বিশ্বতে তোলপাৰ লগোৱা কাশ্মীৰৰ পুলৱামাত পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনে সংঘটিত কৰা ভয়াৱহ বোমা বিস্ফোৰণত কথমপি প্ৰাণ ৰক্ষা পৰে এই যুৱকজনৰ৷ চকলাঘাটৰ দুতিৰাম ভূঞা আৰু মনি ভূঞাৰ কনিষ্ঠ সন্তান মৃদুপৱণ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা সেনা বাহিনীৰ কনভয়ৰ লগতে আছিল৷