জয়ন্ত মুদৈ, নগাঁওঃ এটা দৰিদ্ৰ পৰিয়ালৰ এজন মেধাৱী ছাত্ৰ। ভৱিষ্যতে নিজকে এজন সু-নাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ দুৰ্বাৰ আশা৷ বহু কষ্টৰে সৰুৰেপৰা অভাৱ-অনাটনৰ মাজতো নিজৰ লক্ষ্যৰ প্ৰতি আগবাঢ়ি আহিছে এই ছাত্ৰজনে৷ অভাৱে কৰা নাই অলপো বিচলিত৷ সেয়ে প্ৰৱল আত্মবিশ্বাসৰ বলত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিলে বিশেষ সফলতা৷
কিন্তু উচ্চ শিক্ষাৰ বাবে এতিয়া থমকি ৰ’বলৈ বাধ্য হৈছে ছাত্ৰজন৷ কিয়নো উচ্চ শিক্ষাৰ বাবে ছাত্ৰজনৰ পৰিয়ালৰ নাই পৰ্যাপ্ত সামৰ্থ৷ উপায়হীন হৈ সেয়ে ছাত্ৰজনে মাগিছে এতিয়া কোনো হৃদয়বান লোকৰ সহায়ৰ বাবে ভিক্ষা৷