জয়ন্ত মুদৈ,নগাঁওঃ প্ৰাকৃতিক ভাৰসাম্যহীনতাত ভোগা নগাঁও জিলাত সম্প্ৰতি ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে তাপমাত্ৰা৷ পৰ্যাপ্ত বৰষুণৰ অভাবত তীব্ৰ খৰাঙৰ কৱলত পৰিছে জিলাখন৷ যাৰ ফলত স্বাভাবিকতেই ব্যাপক প্ৰভাৱ পৰা দৃষ্টিগোচৰ হৈছে জিলাখনৰ কৃষি অৰ্থনীতিত৷ পূৰ্বৰ সেউজ পৰিৱেশেৰে আবৰা জিলাখনৰ ইখনৰ পিছত সিখন বনাঞ্চল ধ্বংস হোৱা, বনাঞ্চলসমূহত অব্যাহত থকা অবাধ বেদখল, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ সময়ত পথৰ কাষৰ গছ-গছনি কাটি পেলোৱাকে ধৰি বিভিন্ন কাৰণত জিলাখন বৰ্তমান প্ৰাকৃতিক ভাৰসাম্যহীন হৈ পৰিছে৷
ফলস্বৰূপে যোৱা কেইবছৰ মানৰপৰা ব্যাপক খৰাং আৰু অনাবৃষ্টিৰ কবলত পৰিছে জিলাখন৷ অস্বাভাৱিকভাবে জিলাখনত বৃষ্টিপাতৰ পৰিমাণ কমি অহাৰ বিপৰীতে দিনক দিনে বৃদ্ধি পাব ধৰিছে তাপমাত্ৰা৷ জিলাখনৰ চিলঙনী কৃষি বিজ্ঞান কেন্দ্ৰৰপৰা পোৱা তথ্য মতে, বিগত বছৰৰ জুন মাহত জিলাখনত বৰষুণৰ পৰিমাণ আছিল ২৪৫.২ মিলিমিটাৰ৷ কিন্তু চলিত বৰ্ষৰ জুন মাহত জিলাখনত বৰষুণৰ পৰিমাণ মাত্ৰ ৫০ মিলিমিটাৰহে হোৱা দেখা গ’ল৷ প্ৰকৃততে স্বাভাবিকভাৱে জুন মাহত বৰষুণৰ পৰিমাণ অতি কমেও ২৭৭ মিলিমিটাৰ হ’ব লাগে৷