নগাঁওঃ নগাঁও জিলাৰ অগ্ৰণী বেচৰকাৰী অনুষ্ঠান ছান মাল্টি ট্ৰেডিং ক’অপাৰেটিভ ছ’চাইটী লিমিটেড, ছচিঅ’ ইকনমিক ডেভেলপমেন্ট অৰ্গেনাইজেশ্যন আৰু ছান প্ৰগতিশীল বোৱা-কটা সমবায়ৰ উদ্যোগত “ছান ক’চিং চেন্টাৰ” নামৰ এক প্ৰতিষ্ঠান যোৱা ১৯ এপ্ৰিলত বেবেজীয়াৰ সমীপৰ কুজাৰবড়িস্থিত মুখ্য কাৰ্যালয়ত মুকলি কৰা হয়।
এই মৰ্মে সেইদিনা পুৱা ৯ বজাত কৃষ্ণ গুৰু ভকতবৃন্দৰদ্বাৰা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰা হয়। ১০ বজাত অনুষ্ঠিত হয় মুকলি সভা। ছান মাল্টি ট্ৰেডিং ক’অপাৰেটিভ ছ’চাইটী লিমিটেডৰ সভাপতি নৰেশ্বৰ বৰাই সভাপতিত্ব কৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে ছানৰ মুখ্য সচিব ৰিংকু বৰাই।