Home বাণিজ্যডুমডুমীয়াত বিনামূলীয়া দাঁত-মুখৰ চিকিৎসা শিবিৰ সম্পন্ন

ডুমডুমীয়াত বিনামূলীয়া দাঁত-মুখৰ চিকিৎসা শিবিৰ সম্পন্ন

by News Desk
A+A-
Reset
teeth

নগাঁঁওঃ নগাঁৱৰ হয়বৰগাঁৱৰ ২ নং মূলাপট্টিস্থিত বেবি কেয়াৰ বিশাল মেডিকেলৰ ব্যৱস্থাপনাত অাজি জিলাখনৰ ডুমডুমীয়াত দাঁত অাৰু মুখৰ এটি বিনামূলীয়া চিকিৎসা অাৰু ঔষধ বিতৰণ শিবিৰ অনুষ্ঠিত হয়। ডুমডুমীয়া সাপ্তাহিক বজাৰৰ পাঞ্জাখানাত অনুষ্ঠিত হোৱা উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত অঞ্চলটোৰ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলক বিনামূলীয়াকৈ দাঁত অাৰু মুখৰ পৰীক্ষা কৰি চিকিৎসাসেৱা অাগবঢ়ায় দন্ত চিকিৎসক ডাঃ নাচিৰউদ্দিন অাহমেদে। তদুপৰি উক্ত চিকিৎসা শিবিৰত বেবি কেয়াৰ বিশাল মেডিকেলৰ স্বত্বাধিকাৰী বিমল সূত্ৰধৰ উপস্থিত থকি ৰোগীসকলক বিনামূলীয়াকৈ প্ৰয়োজনীয় ঔষধ বিতৰণ কৰে। অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰা উক্ত শিকিৎসা শিবিৰতে শিশু অাৰু মাতৃসকলৰ প্ৰয়োজনীয় হিমালয়া বেবী অাৰু ম’মছ কেয়াৰ বিনামূলীয়াকৈ যোগান ধৰে হিমালয়া ছেলছ প্ৰমোটৰ ডিম্পী দেৱনাথে। এই শিবিৰটোত চিকিৎসা গ্ৰহণ কৰা অঞ্চলটোৰ দৰিদ্ৰলোকসকলে সন্তুষ্টি প্ৰকাশ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0